গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : অসম শক্তি বিভাগত ১৯৫৭ টা তৃতীয় বাৰু চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে ২৮ তাৰিখে এটা পৰীক্ষা অনুষ্ঠিত হৈ যায় যদিও উক্ত পৰীক্ষাত চৰম বিশৃংখলতা আৰু অনিয়ম পৰিলক্ষিত হয়।

ইফালে প্ৰাৰ্থীসকলৰ প্ৰৱেশ পত্ৰত প্ৰাৰ্থীসকলক মোবাইল ফোনৰ লগতে কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী পৰীক্ষা কেন্দ্রলৈ নিষেধ কৰাৰ লগতে তেনেধৰণৰ সামগ্ৰী পালে প্ৰাৰ্থীগৰাকীক পৰীক্ষা কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়া হব। এনেধৰণৰ নিৰ্দেশনা থকাৰ পাছতো পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল লৈ প্ৰশ্ন কাকত ফাদিল হ’ল।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অসমৰ শক্তি বিভাগৰ অধ্যক্ষ ভি কে পিপাৰ চেনিয়া আৰু মুম্বাইৰ এম এছ নেইকম ইমপ্ৰেছনৰ ওপৰত দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে। এজাহাৰত তেওঁলোকে সমগ্ৰ বিষয়টো উত্থাপন কৰি উল্লেখ কৰে যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীল নীতি গ্ৰহণ কৰি দুৰ্নীতি নিৰ্মূল কৰা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ শূণ্য-সহণশীল নীতি আঁচনি ধোঁৱা চাঙলৈ পৰিণত হৈছে।

দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ দিয়া এজাহাৰৰ জৰিয়তে অধ্যক্ষ ভি কে পিপাৰ চেনিয়া আৰু মুম্বাইৰ এম এছ নেইকম ইমপ্ৰেছন প্রতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ ওপৰত গোচৰ ৰুজু কৰি উচিত তদন্তৰ যোগেদি দুৰ্নীতিৰ লগত জড়িত সকলো বিষয়াৰ ওপৰত আইনগত ব্যৱস্থা লবলৈ অনুৰোধ জনোৱাৰ লগতে হৈ যোৱা লিখিত পৰীক্ষা বাতিল কৰি পুনৰ স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় দুৰ্নীতি বিৰোধী যুৱ-শক্তি অসমে।