ইমৰান আলীৰ সৈতে শ্বাহনাৱাজ আহমেদ

ডিব্ৰুগড়

৬ ছেপ্টেম্বৰ

বনকৰা শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক আৰক্ষীয়ে নগাঁও জিলাৰ ৰহা পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা পাছতে উত্তাল হৈ পৰে ডিব্ৰুগড়ৰ সদৰ থানা। চাহ জনজাতি ছাত্ৰ সন্থাৰ, মহিলা সমিতি, কৃষক মুক্তি ছাত্ৰ সমিতিয়ে চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ শাস্তিৰ দাবীত ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰে।

উল্লেখ্য যে এগৰাকী ১২ বছৰীয়া শিশুক ঘৰত বনকৰা হিচাপে ৰাখি শিশুটিৰ শৰীৰত উতলা পানী ঢালি নিৰ্মম অত্যাচাৰ চলাইছিল চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীয়ে। এই ঘটনা পোহৰলৈ অহা পাছত শিশু কল্যাণ সমিতিয়ে ডিব্ৰুগড় সদৰ আৰক্ষী চকীত চিকিৎসক সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতে আৰক্ষী পৰা পলাই আত্মগোপন কৰি আছিল দেউৰী দম্পতিয়ে। যোৱা সাত় দিনৰ মূৰত শনিবাৰে নগাঁও ৰহা টোল গেটৰ পৰা দেউৰী দম্পতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ ডিব্ৰুগড়লৈ আনে।

ইফালে দেউৰী দম্পতীক উচিত শাস্তি প্ৰদানৰ দাবীত বিভিন্ন সংগঠনে দেওবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বনকৰা শিশু নিৰ্যাতনৰ ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষীয়ে দেউৰী দম্পতীক পুত্ৰ-কন্যাসহ মুঠ চাৰিজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে।