ডেস্ক, সংবাদ ৩৬৫, ৩ মাৰ্চ : ভাৰত-পাকিস্তানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেওবাৰৰ পৰা পুনৰ চলিব সমঝোতা এক্সপ্ৰেছ। কাশ্মীৰত চলি থকা তীব্ৰ উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তানে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ।

উল্লেখযোগ্য যে কাশ্মীৰৰ পুলৱামাৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতে ভাৰতীয় বায়ু সেনাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। ইয়াৰ পাছতেই পাকিস্তানে বাতিল কৰি দিছিল ৰে’ল চলাচল। পাকিস্তানৰ ৰে’ল বাতিলৰ পাছতেই ২৮ ফেব্ৰুৱাৰীত ভাৰতেও ৰে’লৰ চলাচল বাতিল কৰি দিছিল।

দেওবাৰে প্ৰথমখন ৰে’ল সমঝোতা এক্সপ্ৰেছ ভাৰতৰ পৰা যাত্ৰা কৰিব। দিল্লীৰ পৰা আট্টাৰিলৈ যাত্ৰা কৰিব এই সমঝোতা এক্সপ্ৰেছে। আনহাতে, সোমবাৰে লাহোৰৰ পৰা ৱাঘা সীমান্তলৈ পাকিস্তানৰ ৰে’লখনে চলাচল কৰিব।

পাকিস্তানে উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক ভাৰতৰ হাতত গতাই দিয়াৰ পিছতে উভয় দেশে সন্মতি প্ৰকাশ কৰে ৰে’ল চলাচলত।

প্ৰণিধানযোগ্য যে ১৯৭১ৰ পাক-ভাৰতৰ মাজত স্বাক্ষৰিত চিমলা চুক্তিৰ আধাৰত ১৯৭৬ৰ ২২ জুলাইৰ পৰা আৰম্ভ হৈছিল এই ঐতিহাসিক ৰে’লসেৱা।