নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ মে’ : দেশত পুনৰ বৃদ্ধি কৰা হ’ল লক ডাউনৰ সীমা। ৩ মে’ত দ্বিতীয় পৰ্যায়ৰ লক ডাউন সমাপ্ত হোৱাৰ পিছত ৪ মে’ৰ পৰা ১৭ মে’ লৈ পুনৰ দুসপ্তাহৰ বাবে দেশত অব্যাহত থাকিব লক ডাউন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ব্যশ্বব্যাপী মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত দেশজুৰি ঘোষণা কৰিছিল প্ৰথম পৰ্যায়ৰ লক ডাউন। পৰৱৰ্তী সময়ত ভাৰতত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত ১৫ এপ্ৰিল পৰা ৩ মে’ পৰ্যন্ত দেশত বৃদ্ধি কৰা হৈছিল লক ডাউন। বৰ্তমানেও দেশত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে লক ডাউনৰ সীমা পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে। অৰ্থাৎ দেশত ১৭ মে পৰ্যন্ত অব্যাহত থাকিব লক ডাউন।অৱশ্যে ৪ মে’ ৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লক ডাউনত ৰেড, অৰে’ঞ্জ আৰু গ্ৰীণ জ’নত থকা অঞ্চল সমূহৰ ক্ষেত্ৰত এখন পৃথক নিয়মাৱলী প্ৰস্তুত কৰা হৈছে।

তিনিওটা জ’নতে মানুহে পূৰ্বৰ দৰে সামাজিক ব্যৱধান মানি চলিব লাগিব। শিক্ষানুষ্ঠান, ছবিগৃহ, শ্বপিং মল, চেলুন, বিউটি পাৰ্লাৰ, জিম, ৰেষ্টুৰেণ্ট তিনিওটা জ’নতে পূৰ্বৰ দৰেই বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান সমূহ বন্ধ কৰি ৰখাৰ নিৰ্দেশ প্ৰদান কৰে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা।