শোণিতপুৰ, সংবাদ ৩৬৫, ২০ জুলাই: সেনা বাহিনীৰ বিষয়া সোণ ব্যৱসায়ৰ লগত জৰিত হোৱা ঘটনা পোহৰলৈ আহিল শোনিতপুৰ জিলাৰ অসম ৰাইফলচৰ জনৈক কুলি নামৰ কৰ্ণেলৰ জনৰ ওপৰত । এই তথ্য প্ৰকাশ কৰিছে শোনিতপুৰ আৰক্ষীৰ জালত পৰা সোণ ব্যৱসায়ী মিণ্টু আহমেদে । কিছুদিন পূৰ্বে অসম ৰাইফলচৰ জোৱানে আটক কৰিছিল তপন পাল নামৰ ব্যক্তি জনক ১০ টা অবৈধ সোণৰ বিস্কুটসহ ।ৰহস্য জনক তপন পালক আটক কৰি আৰক্ষীয়ে জেল হাজোতত আৱদ্ধ কৰি ৰাখে । জব্দ কৰা ১০টুকুৰা সোণৰ অসম ৰাইফলচে ৭ টুকুৰা নিজৰ লগত ৰাখি বাকী ৩ টুকুৰা মিণ্টু আহমেদক দি আহমেদক নগাৱত এৰি থৈ আহে । ইফালে তেজপুৰত ভাড়াতীয়া হিচাপ থাকি সন্ধান হীন হোৱা বুলি আৰক্ষীক দিয়া গোচৰৰ ভিত্তিত মিণ্টু আহমেদক আটক কৰাৰ লগে লগে সেনা বাহিনীৰ কৰ্ণেল কি দৰে সোণ ব্যৱসায়ৰ লগত জৰিত সেই ঘটনা সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰাৰ লগে লগে পোহৰলৈ আহিল । বিভাগীয় ভাবে কি ব্যৱস্থা লোৱা হ’ব সেয়া আগন্তক সময়ত জনা যাব ।