দেৰগাওঁ, ২২ অক্টোবৰঃ গোলাঘাটৰ দেৰগাওঁৰ অন্তৰ্গত কাকডোঙা মৌজাৰ গোহাঁইআলি পথটোৰ জৰাৰ্জীণ অৱস্থাই সৰ্বসাধাৰণক জীয়াতু ভূগাইছে।গোহাঁইআলি পথটোৰ জৰাৰ্জীণ অৱস্থাৰ কাৰণে স্থানীয় লোকে প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটোৰে বৰ্তমান খোজকাঢ়ি যাতায়ত কৰাটোও দুৰূহ হৈ পৰিছে। ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় ৰাইজে দৈন্যন্দিন যাতায়তৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। গড়কাপ্তানি পথটো নিৰ্মাণৰ নামত চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ নিৰৱ ভূমিকাক স্থানীয় লোকে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত জনবহুল পথটোৰ মেৰামতি বা পকীকৰণৰ নামত এটা শিলগুটিও নেপেলোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে। বৰ্তমানৰ দেৰগাওঁ সমষ্টিৰ বিধায়ক ভৱেন ভৰালীয়ে স্থানীয় লোকক চলিত বৰ্ষৰ শেষৰ ফালে গোহাঁই আলি পথটোৰ পকীকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। বিধায়ক ভৱেন ভৰালীৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ মাজতে আৱদ্ধ থাকিব নে পথটো নিৰ্মাণৰ কাৰণে বিহিত পদক্ষেপ গ্ৰহণ কৰিব, সেয়া সময়তহে পৰিলক্ষিত হ’ব।