মৰিয়নীৰ পৰা বিৰেন তাঁতী, সংবাদ ৩৬৫, ৩১ মে’ : সামান্য এটা দুর্ঘটনাক কেন্দ্ৰ কৰি যোৰহাট জিলাৰ মৰিয়নীত দেৱশীষ গগৈ নামৰ এজন যুৱকক উদণ্ড কিছুমান লোকে হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দেওবাৰে মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষী চকীত কেইবাশতাধিক ৰাইজৰ ভিৰ কৰি এই আমানৱীয় ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

যোৰহাট জিলাৰ মৰিয়ানীত দেৱশীষ গগৈ আৰু আদিত্য দাসৰ নামৰ দুজন যুৱকে গাভৰু পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ সময়ত গাভৰু চাহ বাগিচাৰ সমীপত যুৱক দুজনৰ দুচকীয়া বাহনখনে এগৰাকী মহিলাক সামান্যভাবে খুন্দা মৰাত কিছুমান লোকে দেৱশীষ আৰু আদিত্যৰ ওপৰত নৃশংস ভাবে আক্ৰমণ চলাইছিল আৰু এই গণ প্ৰহাৰৰ ফলত মৃত্যু হৈছিল দেৱশীষ গগৈ নামৰ যুৱক জনৰ। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া যোৰহাট জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে বিৰাজ কৰিছে এক উত্তেজনাময় পৰিবেশৰ। ৰাজ্যবাসীয়ে এই আমানৱীয় ঘটনাৰ লগত জড়িত লোক সকলক কঠোৰ শাস্তিৰ দাবী জনাই থকাৰ মাজতে দেওবাৰে দেৱশীষ গগৈৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতে দেৱশীষ গগৈৰ হত্যাৰ উচিত তদন্ত বিচাৰি কেইবাশতাধিক লোকে মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষী চকীত ভিৰ কৰে। বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে দেৱশীষ গগৈৰ হত্যাৰ লগত জড়িত লোক সকলক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। আনহাতে, আটাছুৱে এই সমগ্ৰ ঘটনাৰ লগত গাভৰু চাহ বাগিচাৰ কৰ্তৃপক্ষ জড়িত থকাৰ অভিযোগো উত্থাপন কৰি সকলো দোষীকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। গণপ্ৰহাৰত দেৱশীষৰ মৃত্যু হোৱাৰ লগতে দেৱশীষৰ বন্ধু আদিত্য দাস সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইফালে, ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা দেৱশীষৰ পিতৃ আৰু ভগ্নীয়ে দেৱশীষক মানৱ ৰূপী দনৱ সমূহৰ পৰা ৰক্ষা কৰিবলৈ গৈ এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছিল বুলি জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সংক্ৰান্তত চাৰিজনকৈ লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।