মানকাচৰ

২৪ ফেব্ৰুৱাৰী

হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত অসম-মেঘালয় জিলা আৰক্ষীৰ প্ৰীতি ফুটবল প্ৰতিযোগিতা। ৩-০ গলৰ ব্যৱধানত জয়ী মেঘালয় আৰক্ষীৰ দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত বুধবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী ফুটবল দলৰ সৈতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ তুৰা জিলা আৰক্ষী ফুটবল দলৰ দ্বিতীয়টো প্ৰীতি ফুলবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বুধবাৰে দ্বিতীয় বাৰৰ বাবে জিলাখনত অসম আৰু মেঘালয় আৰক্ষীৰ মাজত প্ৰীতি ফুলবল খেল অনুষ্ঠিত হয়। খেলখনত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝা, জিলা সহকাৰী আৰক্ষী অধীক্ষক ফাৰুক আহমেদ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ দাদেংগিৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিকাশ কুমাৰ যাদৱ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম আৰু মেঘালয় প্ৰশাসনৰ তথা অসম-মেঘালয়ৰ আন্তঃৰাজ্যিক সীমাৰ ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে এই প্ৰীতি খেলখন অনুষ্ঠিত কৰা হয়। দুই ৰাজ্যৰ দুই জিলা আৰক্ষী ফুটলব দলৰ মাজত অনুষ্ঠিত হোৱা খেলখনত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী ফুটবল দলক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষী ফুটবল দলে ০-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে। অসম মেঘালয়ৰ এই প্ৰীতি খেলখনে স্থানীয় খেলপ্ৰেমী ৰাইজৰ মাজত আমোদ দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখেও এইদৰে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী আৰু মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ আৰক্ষী ফুটবল দলৰ মাজত প্ৰথমটো প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছিল। উক্ত খেলত অসম আৰক্ষী দলে মেঘালয় আৰক্ষী দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ইফালে খেলখন সমাপ্ত হোৱাৰ পিছত জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া কয় যে বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে অসম আৰু মেঘালয় প্ৰশাসনৰ মাজত বন্ধুত্ব বৃদ্ধি কৰিবলৈ এই খেলখন অনুষ্ঠিত কৰা হৈছে। আনহাতে মেঘালয় ৰাজ্যৰ পৰা অহা মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে এই খেলখন উপভোগ কৰি আনন্দিত হোৱাৰ লগতে পৰৱৰ্তী খেল মেঘালয়ত অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ কৰে।