নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৫ মেঃ নলবাৰী জিলাৰ টিহু হাইস্কুলৰ ছাত্র প্ৰীতপল বেজবৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি নলবাৰী লৈ গৌৰৱ কঠিয়াই আনিছে। টিহুৰ ভৱানী বেজবৰুৱাৰ পুত্ৰ প্ৰীতপল বেজবৰুৱা সৰুৰে পৰা অতি মেধাৱী ছাত্রজনক বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে পৰিয়ালৰ বিভিন্নজনে পঢ়াৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছিল। ভৱিষ্যতে এজন সফল অভিযন্তা হোৱাৰ সপোন প্ৰীতপল বেজবৰুৱাৰ। আনহাতে চিকিৎসক হোৱাৰ সপোন দেখিছে জিলাখনৰ চামতা ব্যক্তিগত খণ্ডৰ বিদ্যালয় নবোদয় জাতীয় বিদ্যালয়ৰ পৰা চতুৰ্থ স্থান লাভ কৰা দেৱাশীষ ভৰদ্বাজে। দেৱাশীষৰ পিতৃ মাতৃ দুযোজনে ভাৰতীয় ডাক বিভাগত কৰ্মৰত। টেষ্ট পৰীক্ষাৰ পিছত ছাত্ৰজনে দৈনিক ৭-৮ ঘন্টাকৈ পঢ়িছিল।ছাত্ৰজনৰ সফলতাত পিতৃ মাতৃৰ লগত সকলোৱে গৌৰৱ অনুভৱ কৰিছে। জিলাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পঞ্চম স্থান লাভ কৰি জিলাখনৰ বাবে গৌৰৱ কঢ়িয়াই অনা কৃষক জগদীশ দত্ত আৰু মিনা দত্তৰ পুত্ৰ ৰাজা স্নেহাছিছ গুপ্তা দত্ত। নলবাৰী বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ পৰা পঞ্চম স্থান লাভ কৰা ছাত্ৰজন ভবিষ্যতে এজন সেনা বিষয়া হোৱাৰ সপোন ৰছিছে। পুত্ৰৰ এই সফলতাত পিতৃ মাতৃৰ লগতে গাওঁ বাসী উৎফুল্লিত হৈ পৰিছে।