গুৱাহাটী, ৭ জানুৱাৰী: বছৰৰ প্ৰথমটো দেওবাৰে পক্ষী অভয়াৰণ্য দ্বীপৰ বিলত প্ৰায় ১২ খন গাঁৱৰ ৰাইজে মৎস্যচিকাৰ কৰিলে। দেওবাৰে পুৱা ৩ বজাৰ পৰা দ্বীপৰ বিলত কেইবাশ নাওঁ লৈ ৰাইজৰ মৎস্যচিকাৰ। পুহ মহীয়া জাৰত কুঁৱলীয়ে আগুৰি থকা দ্বীপৰ বিলত ১২ খন গাঁৱৰ ৰাইজৰ নাওঁ লৈ মৎস্যচিকাৰ কৰা দৃশ্য উপভোগ কৰিবলৈ দ্বীপৰ বিলৰ পাৰত সমবেত হয় বহু লোক। গাওঁবাসীৰ মাছ ধৰাৰ দৃশ্য দেখি উৎফুল্লিত হৈ পৰে লোকসকল। দ্বীপৰ বিলত মৎস্যচিকাৰ দৃশ্য উপভোগ কৰাৰ লগতে দ্বীপৰ বিলৰ মাছ কিনাৰ বাবেও সমবেত হৈছে বহু লোক।  দ্বীপৰ বিলত প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে এনেদৰে মাছ ধৰা হয়। দ্বীপৰ বিল সংৰক্ষিত পক্ষী অভয়াৰণ্য হোৱাৰ বাবে ইয়াত মাছ ধৰা নিষেধ যদিও বন বিভাগে প্ৰতিবছৰে দ্বীপৰ বিলৰ এক নিৰ্দিষ্ট ঠাইত মাছ ধৰাৰ অনুমতি দিয়ে। বন বিভাগে নিৰ্ধাৰিত কৰি দিয়া ঠাইত গাঁওবাসীয়ে মাছ ধৰি যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰি আহিছে। দ্বীপৰ বিল অসম একমাত্ৰ ৰামছৰ ছাইট যি থলুৱা পক্ষীৰ লগতে বহুতো পৰিভ্ৰমী পক্ষীৰ বিচৰণ স্থল।