গুৱাহাটী, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : গৃহৰ সাজ-সজ্জাৰ ক্ষেত্ৰত জাগৰণৰ সূচনা কৰি দেওবাৰে গুৱাহাটীত মুকলি কৰা হ’ল দ্য ব্লু উইনড’ । আধুনিক ইণ্টেৰিয়ৰ ডিজাইনৰ ষ্টুডিওটো আনুষ্ঠানিকভাৱে মুকলি কৰে বলিউডৰ অভিনেত্ৰী ৰবীণা টেণ্ডনে। পূব ভাৰতৰ গৃহ তথা অন্যান্য সাজ-সজ্জাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনাৰ সৃষ্টি কৰা দ্য ব্লু উইনড’ মুকলি কৰি মোহময়ী অভিনেত্ৰী ৰবীণা টেণ্ডনে কয় যে প্ৰতিজন ব্যক্তিৰে নিজৰ ঘৰখন আটকধুনীয়াকৈ সজাই তোলাৰ এটা সপোন থাকে । এই সপোন দিঠকত পূৰ্ণ কৰাৰ ক্ষেত্ৰত দ্য ব্লু উইনড’য়ে সমাধানৰ সূত্ৰ দিব।

আনহাতে, দ্য ব্লু উইনড’ৰ অংশীদাৰ তথা বিশিষ্ট ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰকাশ আগৰৱালে উক্ত অনুষ্ঠানত উপস্থিত থাকি দ্য ব্লু উইনড’ৰ এটা কৰ্মশালাৰ লগতে দক্ষ কৰ্মীৰ এটা দল আৰু আধুনিক যন্ত্ৰপাতিও থাকিব বুলি উল্লেখ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি দ্য ব্লু উইনড’ৰ অংশীদাৰ তথা বিশিষ্ট ইণ্টেৰিয়ৰ ডিজাইনাৰ কমল গাডুকাই কয় যে তেওঁলোকে আগন্তুক দিনত অসমৰ মুগা শিল্প আৰু জনগোষ্ঠীয় তাঁত শিল্পকো আগুৱাই অনাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এনেধৰণৰ প্ৰকল্পৰ যোগেদি সমগ্ৰ উত্তৰ-পূবকে তেওঁলোকৰ বাজেট অনুযায়ী বিশ্ব মানৰ গৃহসজ্জাৰ সুবিধাসমূহ উপলদ্ধ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে।