ৰাণী, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: ৰাণীত বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহি পৰিল দ খাৱৈত। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে সাম্প্ৰতিক সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খেতিপথাৰত উপদ্ৰপ চলাই আহিছে। হাতীৰ উপদ্ৰৱত বহু ধাননী পথাৰ বিনষ্ট হৈছে । ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে এক ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। মহানগৰীৰ নিকটৱৰ্তী ৰাণীৰ বাকাৰাপাৰাত সোমবাৰে নিশা পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাকে বাকাৰাপাৰা অঞ্চলৰ খেতি পথাৰত নামি ধান খাই উভতি যোৱাৰ সময়ত হাতীৰ জাকটোৰ পৰা দুৰ্ভাগ্যজনক ভাৱে এটা বনৰীয়া হাতী দ’ খাৱৈত পৰি যায়। পাছত মংগলবাৰে ৰাতিপূৱা স্থানীয় লোকে দ’ খাৱৈত পৰি থকা বনৰীয়া হাতীটোক প্ৰত্যক্ষ কৰি খেতিয়ক ৰাইজে বহু সময় উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও শেষত ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ সহযোগত হাতীটোক সুস্থ শৰীৰে পাহাৰলৈ পঠিয়াই দিয়া হয় ।