গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৯ জুন : ধুবুৰীত অব্যাহত আছে বানপানীৰ তাণ্ডৱ।বাঢ়নী পানীত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল। বানপানীয়ে জটিলতা ৰূপ ধাৰন কৰিছে জিলাখনত। নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰৰ। জিলাখনৰ নৈ-উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত ধুবুৰীত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাবনা।

উজনি অসমৰ কেইবাখনো জিলাৰ লগতে নামনি অসমৰ ধুবুৰী জিলাত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ নৈ-উপনৈ সমূহ উফন্দী উঠাত জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজ ককবকাইছে বাঢ়নী পানীৰ মাজত৷ জিলাখনত বান পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ বানপানীয়ে ধুবুৰী জিলাৰ বিভিন্ন স্থানৰ মাথাউৰী ভাঙি পেলোৱাত বহু লোকৰ ঘৰ বানপানীয়ে উটুৱাই নিছে৷ ইফালে বাঢ়নী পানীত বাট-পথ সমূহ ডুব যোৱাত যাতায়তৰ ক্ষেত্ৰত ৰাইজ সন্মুখীন হৈছে বৃহৎ সমস্যাৰ। আনহাতে জিলাখনৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত ডুব যোৱাত মূৰে-কপালে হাত দিছে কৃষক সকল। মৰাপাট, বিভিন্ন পাচলিৰ খেতিৰ লগতে ধানৰ খেতি পানীৰ তলত ডুব যোৱাত বাঢ়নী পানীতে পচিবলৈ ধৰিছে বিভিন্ন শস্য সমূহ। বানপানীৰ লগতে জিলাখনৰ বিভিন্ন নৈ পৰিয়া অঞ্চল সমূহ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে।

ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী বিধায়ক আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল বানাক্ৰান্ত ৰাইজৰ খবৰ নোলোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ইপিনে বি টি এ ডিৰ পৰ্বতঝোৰাতো বান পৰিস্থিতিৰ একে অৱস্থা। দেওবাৰে পৰ্বতঝোৰাৰ মদাতী আৰু দেৱীতোলাত বানক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ বি পি এফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী এটা সজাতি দল উপস্থিত হৈছিল।