গৌৰীপুৰ

আনিছুৰ আলী

২০ আগষ্ট

ধুবুৰী আৰক্ষীৰ তৎপৰতাই জিলাখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ। হঠাতে তৎপৰতা হৈ উঠিল ধুবুৰী আৰক্ষী। ধুবুৰী চহৰৰ লগতে জিলাখনৰ চুকে কোনে চলালে তীব্ৰ অভিযান। গ্ৰেপ্তাৰ কৰিলে ৭ জনকৈ লোকক।

বুধবাৰে হঠাতে সক্ৰিয় হৈ উঠে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা। আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই জিলাখনৰ ইমুৰৰ পৰা সিমূৰলৈ চলাই তীব্ৰ ড্ৰাগছ আৰু তীৰ বিৰোধী অভিযান। আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত প্ৰথমে গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই দুমৰদহত নামৰ ঠাইৰ পৰা জাকিৰ হুছেইন নামৰ এজন তীৰ মাফিয়াক আটক কৰাৰ লগতে জব্দ কৰে কেইবাখনো তীৰ খেলৰ বহী আৰু নগদ ধন। ইয়াৰ পিছতে গৌৰীপুৰ আৰক্ষীয়ে গেৰামাৰি অঞ্চলত অভিযান চলাই আবেদুল হুছেইন আৰু ৰফিকুল হুছেইন নামৰ দুজন তীৰ ব্যৱসায়ীক আটক কৰি ব্যৱসায়ী দুজনৰ কবলৰ পৰা জব্দ কৰে ৫৯ টা তীৰৰ বহী। পৰৱৰ্তী সময়ত অভিযান অধিক তীব্রতৰ কৰি আৰক্ষীয়ে গৌৰীপুৰ চহৰৰ পৰা ৰাজেশ দত্ত আৰু সনজিৎ নমসূত্ৰধৰ নামৰ দুজন জুৱাৰীক আটক কৰাৰ লগতে গৈবজাৰৰ পৰা ফজলুৰ ৰহমান নামৰ জুৱাৰী এজনক আটক কৰে। আৰক্ষীৰ জালত পৰা এই ৬ জন তীৰ মাফিয়াৰ কবলৰ পৰা আৰক্ষীয়ে বৃহৎ সংখ্যক তীৰৰ বহীৰ লগতে কিছুপৰিমাণ নগদ ধন জব্দ কৰে।

তীৰ বিৰোধী অভিযানৰ অন্তত বিয়লিৰ ভাগত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই মদাইখালি অঞ্চলৰ পৰা শুকুৰ আলী নামৰ এজন ড্ৰাগছ মাফিয়াক আটক কৰে। শুকুৰ আলীৰ কবলৰ পৰা আৰক্ষীয়ে ১৪৪ টা চিমপেক্স কেপচুল আৰু ১৩৪২ টা বাংলাদেশৰ ওৰাল কনট্টাছেপটিক টেবলেট আৰু নগদ ১৮,৭৭০ টকা জব্দ কৰে। ধুবুৰী আৰক্ষীৰ বুধবাৰৰ ড্ৰাগছ আৰু তীৰ বিৰোধী অভিযানে জিলাখনৰ ড্ৰাগছ আৰু তীৰ মাফিয়াৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।