ধুবুৰী, সংবাদ ৩৬৫, ৭ মেঃ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বীৰ চিলাৰায় দলংৰ সমীপত সোমবাৰে এক পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰী আহত হয়। এএছ-২৫-চিচি-৬৮৯৭ নম্বৰৰ এখন তীব্ৰ বেগী বাহনে স্কুলীয়া ছাত্ৰী গৰাকীক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত ছাত্ৰী গৰাকী গুৰুত্বৰ ভাবে আহত হয়। জানিব পৰা মতে স্কুল চুটিৰ পিছত ছাত্ৰী গৰাকী ঘৰলৈ উভতি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আহত হোৱা ছাত্ৰী গৰাকীক স্থানীয় ৰাইজে গোলকগঞ্জ প্ৰাথমিক চিকিৎসালত ভর্তি কৰাই যদিও আঘাত গুৰুত্বৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ছাত্ৰী গৰাকী পশ্চিম ৰতিয়াদহ নিবাসী সহিদ আলী মীৰৰ কন্যা তথা ৰতিয়াদহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জেলেকা খাতুন বুলি জানিব পৰা গৈছে। দুর্ঘটনাৰ পিছত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত ৰাজপথত যান-জটৰ সৃষ্টি হয়। পৰিবেশ অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদস্থলীত আৰক্ষীয় উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে।