ধুবুৰী, সংবাদ ৩৬৫, ২ মেঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত কিছুদিনপূৰ্বে এগৰাকী কণমানি শিশুক ধৰ্ষণ কৰি নিৰ্মম ভাবে হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই মঙলবাৰে পুনৰ আন এক ধৰ্ষণকাণ্ড সংঘটিত হয়। ধুবুৰী জিলাৰ পঞ্চুঘাটত একে গাঁৱৰে বিপিন ৰায় নামৰ এজন লোকে নিশাৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগলৈ এগৰাকী ১৭ বছৰীয়া নাবালিকাক বলপূৰ্বক ধৰ্ষণ কৰে। ধৰ্ষণৰ বলি হোৱা নবালিকা গৰাকীৰ ঘৰ পশ্চীম বংগৰ কোচবিহাৰত যদিও সৰুৰে পৰা ধুবুৰীৰ মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হয়। নাবালিকা গৰাকীক ধৰ্ষণ কৰাৰ পিছত যুৱকজনক নাবালিকা গৰাকীৰ মোমায়েকে হাতে লোটে আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৫৩৯/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰি যুৱক জনক গ্ৰেপ্তাৰ কৰিছে।