মামুন আলী

কোকৰাঝাৰ

২১ নৱেম্বৰ

ধুবুৰীত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৬০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। চিবিআই তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তি সমগ্ৰাম সমিতিৰ ধুবুৰী জিলা সম্পাদক নাজিমুল হকে অভিযোগ উত্থাপন কৰি কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ জলপানীৰ নামত বিভাগে মোকলাই দিয়া সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বহু কোটিটকীয়া ধন আত্মসাৎ কৰিছে জিলাখনৰ একাংশ শিক্ষক, বিভাগীয় বিষয়া আৰু একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীয়ে।

ধুবুৰী জিলত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৬০ কোটি টকাৰ কেলেংকাৰীৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তি সমগ্ৰাম সমিতিৰ ধুবুৰী জিলা সম্পাদক নাজিমুল হকে অভিযোগ উত্থাপন কৰি কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ জলপানীৰ নামত বিভাগে মোকলাই দিয়া সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বহু কোটিটকীয়া ধন আত্মসাৎ কৰিছে জিলাখনৰ একাংশ শিক্ষক, বিভাগীয় বিষয়া আৰু একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীয়ে। বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বুচিৰ চৰ এম ই মাদ্ৰাছাত ২৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগত বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ অভিভাৱক ছামচুল হকে বিলাসীপাৰা আৰক্ষী থানাত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰিছে ১০৪৮/২০২০ নম্বৰত এখন গোচৰ। তেনেদৰে সাধুৰ চৰ নৱজ্যোতি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত অহা বৃহৎ পৰিমাণৰ ধনখিনিও উধাও হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে একেখন থানাত ১০১৫/২০২০নম্বৰত এখন গোচৰ ৰুজু কৰে। সংখ্যালঘু ছাত্ৰ বৃত্তিত ধন কেলেংকাৰীৰ ঘটনাকলৈ বিলাসীপাৰা আৰক্ষী থানাত একেৰাহে দুখনকৈ গোচৰ ৰুজু হোৱাৰ পিছতো ঘটনাৰ লগত জড়িত অভিযুক্ত সকলৰ মুক্ত আকাশৰ তলত ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে কৃষক মুক্তি সংগ্রাম সমিতিৰ তথ্য অনুসৰি কেৱল বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বাঙালীপাৰা আদৰ্শ একাডেমী, ডাঃ এপিজি আব্দুল কালাম একাডেমী, মধ্য হাজীপাৰা এম ই মাদ্ৰাছা, ঠাকুৰ আলগা জ্ঞান জ্যোতি জাতীয় বিদ্যালয়, হাজীপাৰা জন জাগৰণ জাতীয় বিদ্যালয়, নায়েৰ আলগা হাইস্কুল আৰু বুচিৰ চৰ এম ই মাদ্ৰাছাত ছাত্ৰ বৃত্তিৰ ধনৰ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে। তেনেদৰে জিলাখনৰ আন শিক্ষা খণ্ড বিষয়াৰ কার্যলায়তো এই আচনিৰ ধন আত্মসাৎ হোৱাৰ তথ্য লাভ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে বুলি জন্যবলৈ দিয়ে কৃষক মুক্তি সমগ্ৰাম সমিতিৰ ধুবুৰী জিলা সম্পাদক নাজিমুল হকে। কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক গৰাকীৰ অভিযোগ মতে সংখ্যালঘু ছাত্র বৃত্তিৰ ধন কেলেংকাৰীৰ লগত জড়িত হৈ আছে জিলাখনৰ একাংশ বি ই অ, আৰু ডি ই অ, বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু বিভিন্ন বেংকৰ গ্ৰহক সেৱাৰ স্বত্ত্বাধিকাৰী সকল। অভিযোগ অনুসৰি এই আচনিত জড়িত থকা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীয়ে ছাত্র-ছাত্ৰীৰ নামত ভুৱা একাউণ্ট খুলি নিজৰ নিজৰ ফিংগাৰ প্ৰিণ্ট ব্যৱহাৰ কৰি আচনিটোৰ ধন সৰকাই আহিছে।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত ধুবুৰী জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে ধুবুৰী জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষককে ধৰি বিলাসীপাৰা মহকুমাধিপতি আৰু ধুবুৰী আইন প্ৰাধিকাৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। ধুবুৰী জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক নাজিমুল হকে এই বিয়াগোম বিত্তীয় কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰে। চৰকাৰে ধুবুৰীত সংঘটিত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ এনে ভয়াৱহ বিত্তীয় কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ নকৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।