দক্ষিণ শালমাৰা : নিমাতিঘাটত ফেৰী দুৰ্ঘটনাৰ পিছত ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ ব্ৰহ্মপুত্ৰ নদীত চলাচল কৰা প্ৰতিখন ভূটভূটি নাও, ফেৰী সেৱা বিগত দুদিন ধৰি বন্ধ কৰি ৰখাৰ ফলত দক্ষিণ পাৰৰ প্ৰায় ১০ সহস্ৰাধিক ফেৰী যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। মঙলবাৰে দক্ষিণ শালমাৰাৰ মাটিফাটাত ফেৰী যাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়তৰ বাবে ১০ খন ঘাটৰ পৰা ৰ-পেক্স সেৱাৰ জাহাজ প্ৰদানৰ দাবী কৰে।

ধুবুৰী আৰু দক্ষিণ পাৰ অৰ্থাৎ মেদেৰটাৰী, ফকিৰগঞ্জ, আইৰকাটা তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা, টুমনি, ছাইখোৱা, মনিৰচৰ, হাজিৰহাট, কোকৰাডাঙা আৰু সুখচৰৰ বেপাৰীপাৰালৈ প্ৰতিদিনে মুঠ ১০ খন ফেৰীৰে প্ৰায় ৩ সহস্ৰাধিক যাত্ৰী যাতায়ত কৰাৰ লগতে অঞ্চলকেইখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক যন্ত্ৰ চালিত নাও যোগে কেইবা সহস্ৰাধিক লোক ধুবুৰীলৈ যাতায়ত কৰে। কিন্তু নিমাতিঘাটত ফেৰী দুৰ্ঘটনাৰ পিছতেই ধুবুৰী জিলা প্ৰশাসনে এটা ইঞ্জিনযুক্ত সকলো নাও তথা ফেৰী অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি ৰাখিছে। ফলত প্ৰতিদনে দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়ত কৰা প্ৰায় দহ সহস্ৰাধিক লোক যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে।

ইফালে ধুবুৰীৰ পৰা প্ৰতিদিনে শ শ ভূটভূটী নাওযোগে ব্যৱসায়ী সকলে ব্যৱসায়ৰ বাবে সা-সামগ্ৰী আনে কিন্তু ধুবুৰী জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদীত সকলো প্ৰকাৰৰ নাও চলাচল বন্ধ কৰি দিয়াৰ ফলত বৰ্তমানে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ সা-সামগ্ৰী আনিব পৰা নাই ব্যৱসায়ী সকলে। ইফালে একাংশ লোক চৰকাৰী কাৰ্যালয়ত কামৰ বাবে ধুবুৰীলৈ যাবলগীয়া হয় যদিও ফেৰীৰ অভাৱত এই চাকৰিয়াল সকল ধুবুৰীলৈ যাতায়ত কৰিব পৰা নাই। একেদৰে আদালতত গোচৰ সংক্ৰান্তীয় কামৰ বাবেও একাংশ লোক ধুবুৰীলৈ যাতায়ত কৰিব লাগে যদিও বৰ্তমানে যাতায়ত ব্যৱস্থা নথকাৰ ফলত এই সকল লোক সময়মতে আদালতত হাজিৰ হ’ব পৰা নাই।

ফলত দক্ষিণ পাৰৰ ব্যৱসায়ী সকলৰ লগতে সাধাৰণ লোক সকল যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ইয়াক লৈ মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত দক্ষিণ শালমাৰাৰ মাটিফাটা বজাৰত একাংশ ফেৰী যাত্ৰী তথা ব্যৱসায়ী সকলে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলৰ দাবী, জিলা প্ৰশাসনে ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত সকলো প্ৰকাৰৰ নাও, ফেৰী সেৱা বন্ধ কৰক কিন্তু দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ প্ৰতিদিনে যাতায়ত কৰা দহ সহস্ৰাধিক যাত্ৰী, ব্যৱসায়ী সকলৰ বাবে মুঠ ১০ খন ফেৰী ঘাটত এখনকৈ ৰ-পেক্স সেৱাৰ জাহাজ মুকলি কৰি ৰাইজৰ যাতায়তৰ সুবিধা কৰিব লাগে।

দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়তৰ বাবে জলপথৰ বাহিৰে বিকল্প পথ নাই। দক্ষিণ পাৰৰ লোক সকলে নাও, ফেৰী আদি ব্যৱহাৰ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰে ধুবুৰীৰ সৈতে সংযোগ কৰে। ইফালে চুবুৰীয়া ৰাজ্য মেঘালয় তথা গোৱালপাৰা, বঙাইগাঁও হৈ স্থলপথ আছে যদিও সেই পথেৰে যাত্ৰী সকলে ধুবুৰীলৈ যাতায়ত কৰিবলৈ হ’লে প্ৰায় ৮ ঘণ্টা সময় লাগে। এনে পৰিস্থিতিৰ মাজত জিলা প্ৰশাসনে দক্ষিণ পাৰৰ ৰাইজৰ ধুবুৰীলৈ যাতায়ত কৰাৰ বাবে বিকল্প কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?