গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : ধৰ্মৰ নামত বিভাজন কৰি লাভৱান হৈছে মোদী নেতৃত্বাধীন বিজেপি । বিজেপিয়ে আশা কৰা মতে ফল নাপালে, আমিও ফল নাপালো । অসমীয়া ভাষা কলা-কৃষ্টি বিপদাপন্ন কৰিব খোজা পিছতো বিজেপিকে অসমৰ ৰাইজে ভোট দিলে । নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ভাবুকি দিয়াৰ সত্বেও বিজেপিকে অসমৰ জনতাই ভোট দি জয়ী কৰালে । শুক্ৰবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিল্লীলৈ উৰা মৰা আগমূহুৰ্তত এইদৰে মন্তব্য।

ইয়াৰোপৰি ব্যাপক হাৰত ধন খৰচ কৰি, ধৰ্মৰ নামত ৰাজনীতি কৰি হলেও বিজেপি জয়ী হল আনকি স্মৃতিৰাণীৰ হাতত ৰাহুল গান্ধীৰ পৰাজয় সন্দৰ্ভত অতীতৰ বহু ৰাজনীতিকৰ উদাহৰণ দাঙি ধৰিলে । কিন্তু আত্ম সমালোচনাত দগ্ধ হৈও বহু ক্ষোভ স্বীকাৰ নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।