নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৩ মাৰ্চ: নগাঁও চহৰত হয়বৰগাঁও আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই নকল সোণ বিক্ৰী কৰা এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ ৰূপহীৰ আতাবুৰ ৰহমান নামৰ নকল সোণ ব্যৱসায়ীজন আৰক্ষীয়ে আটক কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা প্ৰায় আধা কেজি ওজনৰ এখন নকল সোণৰ নাও উদ্ধাৰ কৰে। জানিবলৈ পোৱা মতে, আতাবুৰ ৰহমানে নকল সোণৰ নাওখন আচল সোণৰ বুলি বিক্ৰী কৰাৰ চেষ্টা কৰোতে আৰক্ষীৰ হাতত ধৰা পৰে। ইতিমধ্যে আৰক্ষীয়ে আতাবুৰক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে। উল্লেখ্য যে, জিলাখনৰ ৰূপহী, জুৰীয়াকে ধৰো বিভিন্ন অঞ্চলত এই অসাধু চক্ৰই সাধাৰণ লোকক জালত পেলাই প্ৰকৃত সোণৰ নামত নকল সোন বিক্ৰী কৰি আহিছে। বিশেষকৈ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অধীনতে এই অসাধু চক্ৰ টোৱে এই নকল সোণৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ বহু আগৰে পৰা উত্থাপিত হৈ আছে। নকল সোণ বিক্ৰী কৰিবলৈ আহি আটক হোৱা আতাবুৰক যদি আৰক্ষীয়ে সঠিক ভাবে জেৰা কৰে তেন্তে নকল সোণৰ ব্যৱসায় চলাই অহা চক্ৰটো আৰক্ষীৰ জালত পৰাটো এশ শতাংশ নিশ্চিত বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰে।