গুৱাহাটী
৩১ মার্চ
চলিত অসম বিধানসভা নির্বাচনৰ আদৰ্শ আচৰণ বিধি যােৱা ২৬ ফেব্ৰুৱাৰীত বলবৎ হােৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্রী মিলি এতিয়ালৈকে অভিলেখ সংখ্যক ১১০,৮৩ কোটি টকা জব্দ কৰা হৈছে। অসম আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্ৰৱৰ্তৰ্ক আৰু নিয়ামক কর্তৃপক্ষসমূহৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্রান্তত এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা জব্দ কৰা হৈছে।
যােৱা ২৬ ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হােৱাৰ পৰা এতিয়ালৈ সৰ্বমুঠ ২৪.৫০ কোটি টকা নগদ ধন জব্দ কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাকে ধৰি ৮৬.৩২ কোটি টকাৰ সা-সামগ্রী জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত অবৈধ সুৰাৰ পৰিমাণ ১৬.৬১ লিটাৰ আৰু এই সুৰাখিনিৰ বজাৰ মূল্য ৩৩,৪৪ কোটি টকা। আনহাতে স্থিৰ নিৰীক্ষণকাৰী গােট আৰু ফ্লায়িং স্কোৱাডে পৃথকে পৃথকে চলােৱা অভিযানত এতিয়ালৈকে ৩৪.২৯ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে হি’ৰইন ৪,২২৬,৮১ গ্রাম, টেবলেট ১,৭৪,০৮৮ টা, ক্রিষ্টেল্লাইন মেথামফেটামাইন ১০,২৭ কিলােগ্রাম, কেপচুল ১,২২,১০০ টা, গাঞ্জা ৬,৮৯২.৮২৩ কিলােগ্রাম, মৰ্ফিন ১,০০০ গ্রাম আৰু ব্রাউন চুগাৰ ২৫২.৮৫ গ্রাম। তদুপৰি ৩.৬৮ কোটি টকা মূল্যৰ ২,৫৮২.৫ গ্রাম সােণ-ৰূপৰ অলংকাৰ জব্দ কৰা হৈছে। ইয়াৰােপৰি ১৪.৯১ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, জালুক, পপ্পী চিডকে ধৰি অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন সামগ্রীও জব্দ কৰা হয়। বর্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যয় বিধি উলংঘন সম্পর্কীয় ৫০ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবেও ৰাজ্যৰ বিভিন্ন প্রান্তত ৫,২৩৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
যােৱা ৩০ মার্চলৈকে নির্বাচনী আচৰণ বিধি উলংঘন সম্পর্কীয় ১,২৭২ টা অভিযােগ ‘চি ভিজিল’ এপৰ যােগেদি লাভ কৰা হৈছে আৰু ইয়াৰে ৯০৮ টা অভিযােগৰ সত্যতা নিৰূপন কৰি বিধিসম্মত ব্যৱস্থা গ্রহণ কৰা হৈছে। আনহাতে বি-৯ প্রপত্ৰৰ যােগেদিও ১,৪২৪ টা লিখিত অভিযােগ লাভ কৰা হৈছে। এনেদৰে নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্ৰাগছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্রী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰীক্ষণ দল, প্ৰৱৰ্তক আৰু নিয়ামক কর্তৃপক্ষসমূহে ২৪ ঘন্টাই তদাৰক কৰি আছে।