নগাঁও, সংবাদ ৩৬৫, ১৬ মে’ : নগাঁও সদৰ থানাত ড্ৰাগছ,নিচা যুক্ত ঔষধ আৰু তাৰ লগত জড়িত সৰবৰাহকাৰী অথবা ব্যৱসায়ীক আটক কৰা দেখিছে । এইবাৰ বৃহস্পতিবাৰে দুপৰীয়া সদৰ থানাৰ নগৰ শাখাৰ আৰক্ষীয়ে আটক কৰে এজন পাচলি বেপাৰীক।

নগৰ শাখাৰ উপ-পৰিদৰ্শক গৌৰৱ জ্যোতি মহন্তই এক গোপন খবৰ ভিত্তিত নগাঁৱৰ উৰিয়াগাওঁৰ পৰা এটা পাচলি বেপাৰীক আটক কৰি জব্দ কৰে এডাল কেঁকো সাপ। পাচলিৰ ভিতৰত অতি গোপনে বিক্ৰী কৰিব আনিছিল কেঁকো সাপটো। জব্দ কৰা সাপটোৰ বজাৰ মূল্য বহু লক্ষাধিক টকা।

আটকাধীন পাচলি বেপাৰীজন নগাঁৱৰ চামগুৰিৰ পিংকু ৰহমান। পিংকু ৰহমানে কেঁকো সাপটো বামুনিৰ পাহাৰৰৰ পৰা বিক্ৰীৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে। ধৃত পিংকুৰ পৰা আৰক্ষীয়ে এ এছ-০২-ইউ-৩০৪৬ নম্বৰৰ এখন বাইকৰ লগতে এখন দা আৰু কিছু সামগ্ৰী উদ্ধাৰ কৰিছে।