নগাঁও, সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ সমীপৰ অ’ল্ড এ টি ৰোডৰ উৰণীয়া সেতুঁৰ তলত বৃহস্পতিবাৰে নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগেত বাসগৃহ জ্বলি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় যদিও এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ লাখ টকাৰ সম্পত্তি জ্বলি ছাই হয়। উল্লেখ্য যে, বৃহস্পতিবাৰ নিশা সংঘটিত হোৱা অগ্নিকাণ্ড খবৰ পাই নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আনহাতে এই জুইৰ সূত্ৰপাতৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে।