কুন্দন ভৰালী
নগাঁও
১৪ ফেব্ৰুৱাৰী
দেওবাৰে কেইবাটাও কাৰ্যসূচী লৈ নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নগাঁও চহৰৰ মৰিকলঙ বিল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিলৰ পাৰত আটকধুনীয়া পদপথ, শিশু উদ্যান আৰু নৌকা বিহাৰৰ ব্যৱস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
প্রকল্পটোৰ বাবে চৰকাৰে আবন্টন দিছে ২৫ কোটি ৩৪ লাখ টকা। প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে ৬ কোটি ৬২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আটকধুনীয়া বাছ আস্থানৰ কামৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পিছতে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ হোৱা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ১ কোটি ৯৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সাংস্কৃতিক প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁওবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হোৱা বুলি মন্তব্য কৰে।
নিজৰ ভাষণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৰা উন্নয়নমূলক কামৰ বাবে বিধায়কগৰাকীৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে নগাঁও চহৰখনক আটকধুনীয়া কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰিছে কেবাটাও আঁচনি। মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা।