কুন্দন ভৰালী

নগাঁও

৪ অক্টোবৰ

নগাঁৱত চুৰিকাঘাটত প্ৰাণ গ’ল এজন লোকৰ। ৰণথলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ধনৰ লেন-দেনৰ বাবেই কাজিয়াৰ সূত্ৰপাত হৈছিল।

জানিব পৰা মতে নগাঁৱৰ ৰণথলিত ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুজন যুৱকৰ সৈতে নিশাৰ ভাগত প্ৰশান্ত বনিয়াৰ কাজিয়াৰ সূত্ৰপাত হোৱাত ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই চুৰিৰে প্ৰশান্ত বনিয়াক আক্ৰমণ কৰে। চুৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা প্ৰশান্ত বনিযাক স্থানীয় কিছুমান লোকে চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে লৈ আহে যদিও চিকিৎসকে প্ৰশান্ত বনিয়াক মৃত বুলি ঘোষণা কৰে।

প্ৰশান্ত বনিয়া নগাঁৱৰ গামখাৰু নামৰ জুৱেলাৰীৰ স্বত্তাধিকাৰী। জানিব পৰা মতে ৰিমন শইকীয়া আৰু নিতুল শইকীয়াৰ লগত ধনৰ লেন-দেন আছিল প্ৰশান্ত বনিয়াৰ আৰু ধনৰ লেন-দেনৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।