কুন্দন ভৰালী

নগাঁও

৪ ছেপ্টেম্বৰ

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধান বিৰোধী দল কংগ্ৰেছলৈ আগমন ঘটিছে বিভিন্ন দলৰ যুৱশক্তিৰ। শুক্ৰবাৰে নগাঁৱত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে। কেতিয়াবা যদি শাসকীয় দলৰ প্ৰতি আকৰ্ষিত হৈছে বিভিন্ন জনে বিজেপিত যোগদান কৰিছে কেতিয়াবা আকৌ বিৰোধী দল কংগ্ৰেছৰ নীতি-আদৰ্শৰই আকৰ্ষিত কৰিছে বহুতকে। কোনোবাই কংগ্ৰেছৰ দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত, কোনোবাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছৰ হাতত ধৰিছে, কোনোবাই আকৌ এইবাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ লগত থকাটো ঠিৰাং কৰিছে। মুঠতে নিৰ্বাচনৰ পুর্বে চলিছে দল বজাৰৰ পৰ্ব, এটা ৰাজনৈতিক দল এৰি অন্য এটা ৰাজনৈতিক দলত যোগদান কৰিছে বিভিন্ন জনে।

শুক্ৰবাৰে নগাঁৱৰ সদৰ সমষ্টিস্থিত সঞ্জয় ভৱন নগাঁও পৌৰ ব্লকত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্রেছত। নগাঁওস্থিত সদৰ ব্লক কার্যলয়ত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ বিশেষ যোগদান অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা লগতে জিলাখনৰ কংগ্ৰেছ কৰ্মী সকল।