কুন্দন ভৰালী
নগাঁও
৭ ছেপ্টেম্বৰ
নগাঁও আৰক্ষীৰ বিশেষ সাফল্য। বনকৰা যুৱতী হিচাপে নিয়োজিত হৈ গৃহস্থক অচেতন কৰি লুটপাত চলোৱা বৃহৎ চক্ৰ নগাঁও আৰক্ষীৰ জালত। নগাঁও আৰক্ষীয়ে অভিযান চলাই মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা বনকৰা যুৱতী গৰাকীৰ লগতে ঘটনাৰ ব্লু-প্ৰিন্ট ৰচনা কৰা মূল অভিযুক্তক আটক কৰে।
অপৰাধী চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী। শেহতীয়াকৈ নগাঁও চহৰৰ বিভিন্নজনৰ ঘৰত বনকৰা হিচাপে নিয়োজিত হৈ ধন-সম্পত্তি লুটি নিয়াৰ উদ্দেশ্যে সক্ৰিয় হৈ পৰিছিল এটা চক্ৰ। শনিবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱৰ এটা পৰিয়ালৰ সকলো সদস্যকে অচেতন কৰি বনকৰা যুৱতীয়ে বহু মূল্যৱান সম্পত্তি লুটি নিয়াৰ পিছতে অপৰাধী চক্ৰটোৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰে নগাঁও আৰক্ষী। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা শনিবাৰৰ ঘটনাৰ লগত জড়িত বনকৰা যুৱতী ফৰিদা বেগমৰ লগতে ঘটনাৰ ব্লু-প্ৰিন্ট ৰচনা কৰা মূল অভিযুক্ত আহমেদ আলীকো আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। উল্লেখ্য যে নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰা, তেওঁৰ পত্নী প্ৰনতি বৰা আৰু পুত্ৰ সমীৰণ বৰাক নিশা আহাৰৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ফৰিদা বেগম নামৰ বনকৰা যুৱতী গৰাকীয়ে লুটি নিছিল বহু মূল্যবান সামগ্ৰী।
ইফালে নগাঁও চহৰৰ ভাড়া ঘৰত থকা একাংশ লোক অপৰাধজনিত ঘটনাত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁও আৰক্ষীয়ে। যাৰ বাবে ঘৰ ভাড়া দিয়াৰ পূৰ্বে সকলোকে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে নগাঁও আৰক্ষীয়ে। সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাই নগাঁও বাসীক এই আহ্বান জনায়। লগতে সহজতে আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সাধাৰণ লোকৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। সকলোকে 8724915419 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষীয়ে।