গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : অন্ত পৰিল অপেক্ষাৰ। পৰিয়াল আৰু হাস্যব্যংগৰে ভৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছ’ৰ বাবে দীঘলীয়া অপেক্ষাৰ অন্তত দেওবাৰে দৰ্শকৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয় চলচ্চিত্ৰখনৰ পোষ্টাৰ আৰু গীত।

মহানগৰীৰ শিল্পগ্ৰামত দেওবাৰে অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছ’ৰ পোষ্টাৰ আৰু গীত আনুষ্ঠানিকভাবে মুকলি কৰা হয়। পৰিয়ালৰ আৰু হাস্যব্যংগৰে ভৰা অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছ’ৰ এটি গীতত কণ্ঠ নিগৰাইছে সকলোৰে হাৰ্টথ্ৰ’ব অংগৰাগ পাপন মহন্তই। অংগৰাগৰ ‘ছামিয়ানা’ গীতে ইতিমধ্যে সকলোৰে মনজয় কৰিবলৈ হৈছে। অহা ৫ জুনত মুক্তিলাভ কৰিবলগা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছে’ দৰ্শকৰ পৰা বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে চলচ্চিত্ৰখনত কণ্ঠদান কৰা জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই। দেওবাৰে শিল্পগ্ৰামত চলচ্চিত্ৰখনৰ পোষ্টাৰ আৰু গীত মুকলি অনুষ্ঠানত উপস্থিত থাকে চলচ্চিত্ৰখনৰ প্ৰযোজক অজয় বাৰ্মা, পৰিচালক মণি সিনহা, অভিনেতা সিদ্ধাৰ্থ শৰ্মা, অভিনেত্ৰী অমৃতা গগৈ, বিবেক বৰা, জিৎ বৰুৱা, ৰাজীৱ বৰঠাকুৰ।

চলচ্চিত্ৰখনৰ প্ৰযোজক অজয় বাৰ্মাই পোষ্টাৰ আৰু গীত মুকলি অনুষ্ঠানত কয় ৰাইনো এক্সপ্ৰেছ এনেকুৱা এখন ছবি যিখনত থাকিব হাস্যব্যংগৰ সমান্তৰালকৈ থাকিব পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই একেলগে বহি চাব পৰা সকলোধৰণৰ আমোদ। অসমবাসী ৰাইজে চলচ্চিত্ৰখন আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজক গৰাকীয়ে।