নলবাৰী

১ মাৰ্চ

নলবাৰীত আন্তজিলা হেণ্ডবল প্ৰতিযোগিতাৰ চেম্পিয়ন গুৱাহাটী। নলবাৰী জিলা কাবাডী হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত নলবাৰীৰ কমাৰকুছিত অনুষ্ঠিত হোৱা ১৭ সংখ্যক অমূল্য বৰুৱা সোৱৰনী আন্তজিলা হেণ্ডবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰনী পৰে।

চুড়ান্ত খেলত গুৱাহাটীয়ে শিৱসাগৰক ২৬ -১২ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ীৰ সন্মান অৰ্জন কৰে। অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সামৰনী সভাত নলবাৰী জিলা সমিতিৰ সম্পাদক চন্দন হালৈয়ে আত ধৰা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিচাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে এন এছ এৰ উপ-সভাপতি আব্দুল ৰৌফ, টেবুল টেনিছ সম্পাদক অমন বৰ্মন, ক্ৰীড়া পেঞ্চনাৰ যতীন শৰ্মা, যুৱ নেতা শান্তনু কলিতা, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সম্পাদক দিগন্ত মিশ্ৰই অংশগ্ৰহণ কৰে। প্ৰাক্তন হেণ্ডবল খেলুৱৈ দিবাকৰ শৰ্মা সোৱৰনী শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শিৱসাগৰৰ অবিনাশ চাউৰাই আৰু ৰাজকুমাৰ চুতিয়া সোৱৰনী শ্ৰেষ্ঠ গোলৰক্ষক বটা লাভ কৰে গুৱাহাটীৰ ৰুদ্ৰ থাপাই।

অভ্যৰ্থনা সমিতিয়ে ৰেফাৰী বোৰ্ডৰ চেয়াৰমেন সূৰ্য থাপা, কনভেনৰ দীপক চৰকাৰ, টেকনিকেল কমিটিৰ চেয়াৰমেন প্ৰফুল্ল তালুকদাৰ কনভেনৰ শান্তনু হাজৰিকাৰ লগতে ৰেফাৰীসকলক গামোচা আৰু স্মাৰকৰে শলাগ জনাই। অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰীয়ে সকলো জিলাক সুন্দৰকৈ খেল পৰিচালনা কৰাত শলাগৰ শৰাই আগবঢ়াই।