নলবাৰী, সংবাদ ৩৬৫, ১২ জুনঃ নলবাৰী জিলাৰ জানিগোগত সোমবাৰে ইফতাৰ কৰাৰ পিছত খাদ্যত বিষক্ৰিয়া হৈ জানিগোগ চুৱৰীৰ ৪৫ গৰাকীতকৈও অধিক লোক অসুস্থ হৈ চিকিৎসাধীন হ’ব লগীয়া হয়। অসুস্থ লোক সকলৰ ভিতৰত অধিকাংশ লোক শৌচ আৰু বমিত আক্ৰান্ত হোৱাত লোক সকলক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে আক্ৰান্ত লোক সকলৰ ভিতৰত দুগৰাকী শিশু গুৰুত্বৰভাৱে অসুস্থ হোৱাত শিশু দুগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত স্থানান্তৰ কৰা হৈছে গুৰুত্বৰভাৱে আক্ৰান্ত আব্দুল ৰহমান আৰু আচলাম আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত স্থানাতৰ কৰাৰ বিপৰীতে আক্ৰান্ত লোক সকলৰ ভিতৰত মৌচুমী বেগম, মোস্তাক আহমেদ, চালমা বেগম, মাকন বেগম, ৰুমা আহমেদ আৰু ৰেহেনা বিবিৰ অৱস্থাও গুৰুত্বৰ বুলি জানিব পৰা গৈছে। আনহাতে আক্ৰান্ত একাংশ লোকক নলবাৰী চহৰৰ অন্যান্য ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। খাদ্যত বিষক্ৰিয়া হৈ কেইবাজনো লোক আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছতো নলবাৰী জিলা খাদ্য আৰু যোগান বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।