নলবাৰী, ১০ এপ্ৰিলঃ নলবাৰী জিলাৰ নতুন ছোলুবাত আজি শ্ৰী কৃষ্ণৰ এটা মূৰ্তি উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে স্থানীয় ৰাইজে নতুন ছোলুবাত হৰি মন্দিৰত সমীপত এটা পঞ্চমুখী বেং চাটি দেখা পাই পুৰোহিতক খবৰ দিয়ে৷ পুৰোহিত যথা স্থানত আহি বেং চাটিটো খান্দি শ্ৰী কৃষ্ণৰ মূৰ্তিটো উদ্ধাৰ কৰে৷ প্ৰায় ৫০০ গ্ৰাম ওজনৰ এই মূৰ্তিটো সোনৰ নে পিতলৰ জানিব পৰা নাই৷ মূৰ্তি উদ্ধাৰৰ পিছৰে পৰা স্থানীয় লোকে মন্দিৰত নাম-প্ৰসঙ্গ কৰি আছে৷ আনহাতে  মূৰ্তিটো দৰ্শনৰ কাৰণে বিভিন্ন স্থানৰ পৰা নতুন ছোলুবালৈ বিভিন্নজনৰ আগমন হৈছে৷