নলবাৰী, সংবাদ ৩৬৫, ১০ আগষ্ট: পৰিবৰ্তনকামী চৰকাৰ খনৰ স্বাস্থ্য খণ্ডৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি থাকোতে সামন্য এটা টেবলেটৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে ৰাইজে৷ ৰোগীৰ বাবে নাই পৰ্যাপ্ত ঔষধপাতি । আনফালে কৰ্তব্যৰত চিকিৎসক-নাৰ্চেও চিকিৎসালয়লৈ আহে নিজ খেয়াল খুচিত , তথা তেওঁলোকৰ দুৰ্ব্যৱহাৰে ৰোগী সকলক হাৰাশাস্তি ভোগাইছে । তাৰ প্ৰতিবাদতে নলবাৰীৰ সীমান্তৱৰ্তী কৰিয়া-বিজুলীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰত শুকুৰবাৰে অঞ্চলটোৰ স্থানীয় একাংশ উত্তেজিত ৰাইজে আহি চিকিৎসালয়খন ঘেৰাও কৰি ধৰ্ণা কাৰ্য্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰিয়া-বিজুলীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খনেই হৈছে অঞ্চলটোৰ একমাত্ৰ চিকিৎসাল । দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত চিকিৎসক-নাৰ্চৰ অনিয়মীয়া উপস্থিতিয়ে জলাকলা খুৱাইছে অঞ্চলটোৰ ৰোগী সকলক৷ নিজ খেয়াল খুচি মতে চিকিৎসালয়ত উপস্থিত হোৱা চিকিৎসক-নাৰ্চে চিকিৎসালয়লৈ অহা ৰোগী সকলক দূৰ্ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । যাৰ বাবে অঞ্চলটোৰ ৰোগীসকলে চিকিৎসাৰ নামত যমৰ যাতনা ভুগীবলগীয়া হৈছে৷ সেয়ে স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি ৰোগীৰ লগতে ৰোগীৰ আত্মীয় সকলে শুকুৰবাৰে স্বাস্থ্য কেন্দ্ৰটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে । কিন্তু সততে স্বাস্থ্য বিভাগৰ স্বচ্চতাৰ কথা কোৱা মন্ত্ৰী শৰ্মাই এইসকল চিকিৎসক নাৰ্চৰ বিৰুদ্ধে কিবা ব্যৱস্থা লবলৈ সাহস হব নে ? নে নিজৰ বিভাগটোৰ দূৰ্নীতি-অনিয়ম গাপ দিয়ে ৰাখিব৷সেয়া সময়তহে লক্ষণীয় হব৷