জোনমণি বেগম

বিশ্বনাথ

১৭ জুন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত থকা কাছ সমুহক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰা হয়। বৰ্তমান অব্যাহত থকা ক’ভিড মহামাৰীৰ বাবে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো আংশিক লকডাউনৰ আৰু আন্তঃজিল পৰিবহন আদি বন্ধ থকাৰ পৰিপেক্ষিতত ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ সমুহৰ দৰেই ঐতিহাসিক নাগশংকৰ দেৱালয়তো দৰ্শনাৰ্থী সংখ্যা যচেষ্ঠ কমি গৈছে। স্বাভাৱিক অৱস্থাত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলে মন্দিৰ দৰ্শন কৰাৰ লগতে বৃহৎ সংখ্যক কাছৰ বাবে অসম বিখ্যাত নাগশংকৰ মন্দিৰৰ কাছ সমুহক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি আহিছিল কিন্তু হঠাৎ মহামাৰীৰ বাবে দৰ্শনাৰ্থী অহা বন্ধ হোৱাত এই বৃহৎ সংখ্যক কাছৰ সমষ্টি চুড়ান্ত খাদ্য সংকটতত পৰিছিল।

এই বিষয়টো মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ জৰিয়তে যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতি অৱগত হোৱাৰ লগে লগে কাছ সমুহক খাদ্য সামগ্ৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি নাগশংকৰ মন্দিৰৰ কাছ সমুহক খাদ্য সামগ্ৰী যোগান ধৰা হয়। উল্লেখযোগ্য যে বিগত সময়ছোৱাত কাছ সমুহক বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থী সকলে বিস্কুট, মূড়ী আদি খাদ্য হিচাপে দি আহিছিল কিন্তু বৰ্তমান এই ঐতিহ্যমণ্ডিত স্থানৰ কাছ সমুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিস্কুট, মূড়ীকে ধৰি খাদ্য সমুহ কাছক দিয়াত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে।

বৰ্তমান কাছ সমুহৰ একমাত্ৰ খাদ্য হৈ শুকান মাছ আৰু সেইহে কাছ সমূহক শুকান মাছ যোগান ধৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা জিতু শৰ্মা, সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, যুটীয়া সম্পাদকদ্বয় নীহাৰ শইকীয়া, বিশ্বজিত দাস, কাৰ্য্যনিৰ্বাহক সদস্য অংকু বৰা, পৰিষদৰ দক্ষিণ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি যতিন বৰা আৰু সাধাৰণ সম্পাদক প্ৰান্তিক বৰুৱা আদিয়ে।