নাগালেণ্ড, সংবাদ ৩৬৫, ৩০ মেঃ নাগালেণ্ডৰ ম’ন জিলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপৰাধত ৰাইজে ধৰ্ষণকাৰীক নাঙঠ কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে নাগালেণ্ডত কৰ্মৰত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাহুল সেন নামৰ যুৱকজনে এগৰাকী ১২ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত ম’ন জিলাৰ স্থানীয় ৰাইজে ধৰ্ষণৰ অভিযুক্ত ৰাহুল সেনক আটক কৰি ৰাজহুৱা স্থানত নাঙঠ কৰি শাস্তি প্ৰদান কৰি আৰক্ষীক গতাই দিয়ে। ৰাহুল নাগালেণ্ডৰ ম’ন জিলাৰ ব্যৱসায়ী প্ৰতিষ্ঠান এটাত কিছুদিন পূৰ্বৰ পৰা কৰ্মৰত আছিল। উলেক্ষ্য যে ইয়াৰ পূৰ্বেও নাগালেণ্ডত ধৰ্ষণৰ অভিযুক্ত অসমৰ কৰিমগঞ্জ জিলাৰ এজন যুৱকক ৰাইজে কাৰাগাৰ ভাঙি কাৰাগাৰৰ পৰা উলিয়াই আনি ৰাজপথত শাস্তি প্ৰদান কৰি হত্যা কৰিছিল। অৰুণাচল প্ৰদেশৰ তেজুত কিছুদিন পূৰ্বে স্থানীয় ৰাইজে এগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযুক্ত অসমৰ দুজন লোকক ৰাজপথত মৰিয়াই হত্যা কৰিছিল।