বাক্সা

১১ আগষ্ট

অসম চৰকাৰৰ জলসিঞ্চন তথা ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই মঙলবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলীত বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় তেওঁ বিভাগীয় মন্ত্ৰী নহয় গতিকে তেওঁ অচিৰেই বিভাগীয় মন্ত্ৰীৰ লগত বিষয়টো আলোচনা কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব ।

উল্লেখযোগ্য যে নাগ্ৰিজুলীত বৰনদীৰ গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ ১,৪২৫ টা পৰিয়ালৰ সা-সম্পত্তি, বাসগৃহ ভেটি-মাটি নদীৰ বুকুত বিলীন হৈছে। গৰাখহনীয়া পৰিদৰ্শনৰ পিছতে সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কয় আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে মেজিক নম্বৰ ২১ খন আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰিব। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি দলে অসমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ভৱেশ কলিতাই অজিত কুমাৰ ভূঞা কোন দলৰ পৰা সাংসদ হৈছে? কোন দলৰ সমৰ্থনত সাংসদ হিচাপে নিৰ্বাচিত হৈছে অজিত কুমাৰ ভূঞা বুলি মন্তব্য প্ৰকাশ কৰি অজিত কুমাৰ ভূঞাক কটাক্ষ কৰে। ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বিটিচিৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিত স্বাধীনতাৰ পিছৰে পৰা কোনো মন্ত্ৰী, বিধায়ক, সাংসদকে ধৰি বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ মন্ত্ৰী ভৱেশ কলিতাই কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি শুক্লাই চেৰফাং সমষ্টিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰী ভৱেশ কলিতাই কয় যে গনেশ কছাৰীয়ে কৰা অভিযোগ ভিত্তিহীন। শুক্লাই চেৰফাং সমষ্টিত মন্ত্ৰী গৰাকীৰ দিনত উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে গনেশ কছাৰীয়ে ৰাইজক আভুবা ভাৰিছে। বিগত সোঁতৰ বছৰে গণেশ কছাৰীয়ে সমষ্টিটোৰ একো উন্নয়ন নকৰিলে।

মন্ত্ৰী ভৱেশ কলিতাই লগতে কয় যে বিপিএফৰ বৰ্তমান বিটিএডিত কোনো মাৰ্কেট নাই। অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এমবেচাদৰ জুবিন গাৰ্গক একাংশ ব্যক্তিয়ে কৰা সমালোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ অনাগত দিনবোৰত শিল্পী হিচাপে আগুৱাই যাওক।