তামুলপুৰ, সংবাদ ৩৬৫,১২ ফেব্ৰুৱাৰী: তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ ভাওৰাগুৰী গাঁৱৰ নিবীসী নাৰায়ণ চন্দ্ৰ ওজাৰ মংগলবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫৬ বছৰ। নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাওৰাগুৰী গাঁৱৰ প্ৰয়াত কনক ওজাৰ পুত্ৰ নাৰায়ণ চন্দ্ৰ ওজা বিগত কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। সোমবাৰে হঠাৎ অধিক অসুস্থ হৈ পৰাত তেখেতক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও মংগলবাৰে পুৱা প্ৰায় ৫-৩০ বজাত নাৰায়ণ ওজাই ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ আগলৈকে তেওঁ নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, অম্বিকাগিৰি সংঘ ও গ্ৰাম্য পুথিভঁৰালৰ লগত জড়িত থকাৰ উপৰিও নাগ্ৰীজুলি বজাৰ বনিক সন্থাৰ প্ৰাক্তন সম্পাদক আছিল। নাৰায়ণ ওজাৰ মৃত্যুত নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, অম্বিকাগিৰি সংঘ ও গ্ৰাম্য পুথিভঁৰাল, নাগ্ৰীজুলি বনিক সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমাবেদনা জ্ঞাপন কৰে। ওজাৰ মৃত্যুৰ প্ৰতি সন্মান জনাই মংগলবাৰে নাগ্ৰীজুলি বনিক সন্থাই তিনি ঘন্টিয়া বন্ধ পালন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা সন্তান, দুগৰাকী ভাতৃ, ভাই-বোৱাৰী, কেইবাগৰাকীও ভতিজা-ভতিজী আৰু অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।