বাক্সা, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ ১নং বগৰিখুটিত যুৱকক প্ৰহাৰ কৰি হত্যা কৰা হয়। ঘটনা অনুসৰি ধন বাহাদুৰ কামাৰ নামৰ ২৮ বছৰীয়া যুৱক এজনে ৫ বছৰীয়া কণমানি কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত উক্ত যুৱক জনৰ ওপৰত প্ৰহাৰ কৰি বুধবাৰে সন্ধিয়া কেইজনমান যুৱকে কোনো ঠাইৰ পৰা ধৰি আনি বেয়াকৈ মাৰপিত কৰি ১নং বগৰিখুটিৰ অৰঙা দোঙৰ পাৰত পেলাই থৈ দিয়ে। মাৰপিত কৰা উক্ত যুৱকৰ দলৰ এজন যুৱকে স্থানীয় গাওঁবুঢ়াক ঘটনাটোৰ সবিশেষ খবৰ দিয়ে। পাছত ধন বাহাদুৰক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি তামুলপুৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু নিশা চিকিৎসালয়ত যুৱকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। এই ক্ষেত্ৰত তামুলপুৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত চাৰিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চাৰিওজন ব্যক্তি তামুলপুৰৰ বগৰিখুটি গাৱৰ ক্ৰমে অজিত বৰ্মন, প্ৰমোদ বৰ্মন, বিক্ৰম বড়ো আৰু পাখি বড়ো বুলি জানিব পৰা গৈছে। বৰ্তমান তামুলপুৰ আৰক্ষীয়ে আটকাধীন ব্যক্তি কেইজনক জেৰা অৱ্যাহত ৰাখিছে ।