নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ ৰাজ্যৰ ভিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব অইন সংশোধনী বিধায়ক বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰঙিয়া নগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতীক ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰি ধৰ্মৰ ভিত্তিত বিদেশী সংস্থাপিত কৰা বন্ধ কৰক, অবৈধ বিদেশী হুচিয়াৰ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়াৰ আকাশ বতাহ কপাই তোলে। অসমত কোনো কাৰণতে হিন্দু বাংলাদেশীক সংস্থাপন দিয়া নহব বুলি সকীয়াই দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, ভাৰতীয় নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে সংগঠনটোৱে। অসমবাসী ৰাইজে আৰম্ভনিৰে পৰা এই সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰি আহিছে যদিও বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত সংগঠনটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতীকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ যোগেদি জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনটোৱে। এই প্ৰতিবাদী কাৰ্যসূচীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাটৰ জিলা সমিতিৰ সমূহ সদস্য উপস্থিত থাকে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, ভাৰতীয় নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে সংগঠনটোৱে। অসমবাসী ৰাইজে আৰম্ভনিৰে পৰা এই সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰি আহিছে যদিও বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত সংগঠনটোৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতীকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ যোগেদি জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনটোৱে। এই প্ৰতিবাদী কাৰ্যসূচীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাটৰ জিলা সমিতিৰ সমূহ সদস্য উপস্থিত থাকে
![](https://sangbad365.com/wp-content/uploads/2017/12/Untitled-1-copy.jpg)