যোৰহাট

২৯ আগষ্ট

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি গুৰুত্বৰ মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। শনিবাৰে কৃষক নেতা অখিল গগৈ মাতৃৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গৈ চেলেংহাটত এই গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনকলৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ। শাসকীয় বিজেপি দলক আগন্তক নিৰ্বাচনত পৰাভূত কৰিবলৈ ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত বিৰোধী দল সমূহ। বিজেপিক এইবাৰ শাসনৰ পৰা আঁতৰাবলৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰতাৰ দিশে আগবঢ়াৰ বিপৰীতে “কা” বিৰোধী দল-সংগঠন সমূহে বিজেপিৰ সৈতে যুঁজ দিবলৈ গঠন কৰিছে এটাৰ পিছত আনটো আঞ্চলিক দল। “ক” বিৰোধী দল-সংগঠন সমূহে পৃথকে পৃথকে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিবৰ্তে একত্ৰিত হৈ যুঁজ দিলে বিজেপিক পৰাভূত কৰাটো অধিক সহজ হ’ব বুলি ধাৰণা কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সকলো “কা” বিৰোধী দল-সংগঠনক এখন মঞ্চৰ তলতলৈ আহিবলৈ আহ্বান জনাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি সমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি গুৰুত্বৰ মন্তব্য প্ৰকাশ কৰিছে।ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দল সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে “আমি এখন মঞ্চৰ তলতলৈ আহিবলৈ আছুক আহ্বান জনাইছো যদিও আছুৰ ফালৰ পৰা এই ক্ষেত্ৰত আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই”।

বৰ্তমান কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লবলৈ শনিবাৰে অখিল গগৈৰ বাসগৃহত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আঞ্চলিক গণমৰ্চাৰ এটি সজাতি দল।দলটোত আঞ্চলিক গণমৰ্চাৰ আহ্বায়ক মঞ্জীত মহন্ত, নেত্ৰী মীৰা বৰঠাকুৰৰ লগত বহুকেইজন বিষয়ববীয়াই কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়। দলটোৱে বিজেপি চৰকাৰখনকন তীব্ৰ সমালোচনা কৰি অনতি পলমে কৃষক নেতা অখিল গগৈৰ মুক্তি দাবী কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নোহোৱা পৰ্য্যন্ত আইনখনৰ বিৰুদ্ধে সংগ্ৰাম অবিৰতভাৱে ৰাইজে চলাই যাব।