ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৮ মেঃ নাগৰিকত্ব সংশোধনী বিধয়েক ২০১৬ ৰ বিৰুদ্ধে তৈলনগৰী ডিগবৈত প্ৰতিবাদী সমদল। বিধয়েকখনৰ বিৰোধিতা কৰি মঙলবাৰে ৰাজপথলৈ ওলাই আহিল ডিগবৈ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু ডিগবৈবাসী ৰাইজ। ডিগবৈৰ ছহিদ বেদী প্ৰাংগণৰ পৰা বিভিন্ন দল সংগঠনৰ লগতে কেইবা শতাধিক প্ৰতিবাদকাৰী ৰাইজে বেনাৰ, পোষ্টাৰ আৰু প্লে কাৰ্ড লৈ কেন্দ্ৰিয় চৰকাৰ মূৰ্দাবাদ, ৰাজ্য চৰকাৰ মূৰ্দাবাদ, জাতীয় নায়ক মূৰ্দাবাদ শ্লগানৰে আকাশ বতাহ কপাই তোলে। প্ৰতিবাদকাৰী সকলে ৩৮ নং ঘাইপথ অৱৰোধ কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ সাহিত্যিক পুন্য শইকীয়া, আলফাৰ যুদ্ধবিৰতি নেতা জিতেন দত্তকে প্ৰমুখ্য কৰি অঞ্চলটোৰ সকলোবোৰ দল সংগঠন ক্ৰমে আছু, জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, মৰান ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা আৰু ডিগবৈবাসী ৰাইজে এই প্ৰতিবাদত অংশ গ্ৰহন কৰে৷