গুৱাহাটী, সংবাদ ৩৬৫, ৭ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সোমবাৰে জেচিপিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত ১৬জনীয়া দল গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুনানি গ্ৰহণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি প্ৰক্ৰিয়াত অসমৰ বিভিন্ন দল সংগঠনে নিজৰ মতামত আৰু সাক্ষ্য প্ৰকাশ কৰে। পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অমুছলমান লোকক নাগৰিকত্ব প্ৰদান কৰাৰ উদ্দেশ্যে এনডিএ চৰকাৰে ২০১৬ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। সংসদে বিধেয়কখন পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ২০১৬ চনৰ ১১আগষ্টত যুটীয়া সংসদীয় কমিটীখন গঠন কৰি দিয়া হয়। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিভিন্ন দল সংগঠনে বিৰোধিতা কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে সাক্ষ্য প্ৰদান কৰিবলৈ আহি মন্তব্য প্ৰকাশ কৰে যে যি বোৰ দল সংগঠনে সাক্ষ্য প্ৰদান কৰা নাই সেইবোৰ জাতিদ্রোহী। অসম গণ পৰিষদে ৫ জনীয়া দলে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ সন্দৰ্ভত জেচিপিক মতামত প্ৰদান কৰে। অগপৰ দলটোত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, উৎপল দত্ত, বিৰাজ কুমাৰ শৰ্মা আৰু কুমাৰ দীপক দাস। মতামত প্ৰদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক অসম বিৰোধী, এই বিধেয়কে অসমৰ অস্তিত্ব বিপন্ন কৰিব, অসমীয়া সংস্কৃতি আৰু ভাষালৈ ভাবুকি আনিছে এই বিধেয়কখনে। আমি সবল যুক্তি দাঙি ধৰি এই বিধেয়ক খনৰ বিৰোধিতা কৰিছোঁ বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী জনে। নাগৰিকত্ব সংশোধনীবিৰোধী মঞ্চৰ হৈ হীৰেন গোহাঁইয়ে অংশগ্ৰহণ কৰি কয় যে জাতিধ্বংসী কোনো কথাতে আমি সমৰ্থন নকৰো। শুনানিত অংশ গ্ৰহণ কৰি মঞ্জিত মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ইচ্ছ্যুত সকলো একত্ৰিত হ’ব লাগে, অসম চুক্তি অৱমাননা কৰিব নোৱাৰিব। অসমীয়া ছবি জগতৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু শিল্পী মানস ৰবিনে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ ঘোৰ বিৰোধিতা কৰি অসমৰ জনসাধাৰণক ইয়াৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায়। সকলোকে এই বিধায়ক খনৰ বিৰুদ্ধে পত্ৰ দিবলৈ দুয়োজন শিল্পীয়ে আহ্বান জনায়। অসম যুৱ ছাত্ৰ পৰিষদে বিধেয়ক খনৰ বিৰোধিতা কৰি কয় যে শুনানিত অংশগ্ৰহণ ল’ব লগা হোৱাটো অসমীয়াৰ বাবে অপমানজনাক। আমছুৱে বিধেয়ক খনৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে অসমৰ ৰাইজ ভিত্তিবৰ্ষ সন্দৰ্ভত এক মাতত আছে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছৰ সকলক মানি ল’ব নোৱাৰি। অসম যুৱ ছাত্ৰ সন্মিলনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ আমি ঘোৰ বিৰোধী, স্মাৰক পত্ৰ দিব লগীয়া হোৱাটোৱেই লজ্জাজনক। সোমবাৰে বিধেয়ক খনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়। লখিমপুৰ আৰু শোণিতপুৰৰ বালিপৰাত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।