গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। মহানগৰী গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত প্ৰতিবাদ কৰাত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজনকৈ কৰ্মকৰ্তক আটক কৰে। হোজাই জিলাৰ ডবকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ক’লা পতাকা লৈ ৰাজহ চক্ৰ বিষয়াৰ কার্যলায় ঘেৰাও কৰে। মৰিগাঁও, গোলাঘাট, বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ দেখিবলৈ পোৱা যায়। ধুবুৰী জিলাত সংগঠনটোৰ সদস্য সকলে কলা দিৱস পালন কৰে আৰু কলা পতাকা প্ৰদৰ্শন কৰি জিলা উপায়ুক্তৰ কার্যলায়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নতুন দিল্লীত মঙলবাৰে সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত হৈ আছে। বৈঠকত ৰাজ্যখনৰ ১৪ টা জনগোষ্ঠীয় সংগঠনক নাগৰিকত্ব সংশোধনীৰ শুনানীত অংশগ্ৰহণ লৈ নিজৰ মতামত আৰু পৰামৰ্শ আগবঢ়াবৰ বাবে সংসদীয় কমিটিয়ে আমন্ত্ৰণ জনাইছে। নাগৰিকত্ব আইন সংশোধনেৰে হিন্দু বাংলাদেশীক ৰাজ্যখনত সংস্থাপিত কৰিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কলা দিৱস পালন কৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।