তামুলপুৰ, সংবাদ ৩৬৫, ২২ অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰেও তামুলপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাগসা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘন্টীয়া ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ঘগ্ৰাপাৰ চকত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতি , অ গ প , কলিতা জনগোষ্ঠী সন্মিলন , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ফেডাৰচনকে ধৰি কেইবাটাও দল সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী মূর্দাবাদ , সৰ্বানন্দ সোনোৱাল মূর্দাবাদ , অসম চৰকাৰ হায় হায় , বি জে পি চৰকাৰ হুছিয়াৰ , আৰ এছ এছ হুছিয়াৰ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে এই বিধেয়কখনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন ধৰ্মৰ অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্বৰ যোগ্য হিচাপে ঘোষনা কৰিছে। নাগৰিকত্ব আইন ১৯৫৫ মতে কোনো অবৈধ প্ৰব্ৰজনকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়।