পলাশবাৰী, সংবাদ ৩৬৫, ১০ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জেৱাৰ অব্যাহত আছে। বৃহস্পতিবাৰেও বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে পলাশবাৰী সমষ্টিৰ উপৰহালীত ঐক্যসেনা অসমে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ উপৰহালীস্হিত মূখ্য কাৰ্যলয় লণ্ড ভণ্ড কৰি বেনাৰত অগ্নি সংযোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সণোৱাল, হিমন্ত বিশ্ব শৰ্মা, বিজয়া চক্ৰৱৰ্তী আদিকে ধৰি তেওঁলেকৰ বেনাৰ ফালি অগ্নি সংযোগ কৰে প্ৰতিবাদকাৰীয়ে। কেৱল ইমানতেই ক্ষান্ত নাথাকি বিজয়নগৰ চকলৈ আহি নৰেন্দ্ৰ মোদী, সৰ্বানন্দ, হিমন্ত বিশ্ব শৰ্মা ,স্থানীয় বিধায়ক প্ৰণৱ কলিতা আদিৰ পুত্তলিকা দাহ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পলাশবাৰী আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয়। তাৰ পিছতে প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক কেন্দ্ৰ কৰি বিজয়নগৰৰ পৰিৱেশ উত্তপ্ত হৈ পৰে। তাৰ পিছতে বিজয়নগৰ আৰক্ষী চকী ঘেৰাও কৰি আটক কৰা প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবী তুলি বৰ্তমানেও প্ৰতিবাদ সাব্যস্ত কৰি আছে প্ৰতিবাদকাৰীয়ে।