তামুলপুৰ, সংবাদ ৩৬৫, ১০ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নাগৰিকত্ব বিধেয়ক বিল ২০১৬ প্ৰতিমূৰ্তি আৰু প্ৰতিলিপি দাহ কৰে তামুলপুৰ জিলা এ বি এমছু আৰু কুমাৰীকাটা আঞ্চলিক এ বি এমছুৱে। বৃহস্পতিবাৰে আবেলি চাৰি বজাত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
