গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী: সমগ্ৰ ৰাজ্যখনকে অগ্নিগৰ্ভা পৰিস্থিতি কৰি ৰখা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পৰ্কে সহজ-সৰল ৰাইজক সজাগ আৰু সচেতন কৰি তোলা তথা জাতিধ্বংসী বিধেয়কখন যাতে কোনো পধ্যেই কেন্দ্ৰীয় বিজেপি চৰকাৰখনে গৃহীত কৰিব নোৱাৰে সেই সন্দৰ্ভত শনিবাৰে হিউমেন ৰাইটচ্ এণ্ড এন্ট্ক’ৰাপচনৰ মহানগৰী কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলখনত অসম প্ৰদেশৰ সভাপতি প্ৰতিমাবৰুৱা, প্ৰশাসনিক সম্পাদক আব্দুল্লাহেল কাফি,কেন্দ্ৰীয় কমিটিৰ দ্বীপ কুমাৰ ডেকা,বসন্ত কুমাৰ শৰ্মা,জীতুমনি ডেকা,কৃষ্ণ মনি দাসকে ধৰি কেইবাগৰাকী নেতা কৰ্মীৰ উপস্থিতত সংবাদ মেলত সভাপতি প্ৰতিমা বৰুৱাই কয় যে অসমৰ বাবে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত তুমুল আন্দোলন হৈছে যদিও আজিকোপতি সাধাৰণ গঞাঁ ৰাইজ সদল-বলে ওলাই অহা পৰিলক্ষিত হোৱা নাই। সেই উদ্দেশ্য আগত ৰাখি ২০ জানুৱাৰীত বৰপেটাৰ ভৈৰাগুৰি কাহিকুছি হাইস্কুল খেলপথাৰত হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰীক’ৰাপচনৰ চেঙা সমষ্টিৰ আহ্বানত প্ৰথম লানি সজাগতা সভা অনুষ্ঠিত কৰিব বুলি শনিবাৰৰ সংবাদ মেলত ফাউণ্ডেশ্যনৰ নেতা কৰ্মী সকলে জনাইছে। উল্লেখ্য যে ৰাজ্যৰ গাঁৱে-ভূঁৱে সুমুৱাই গৈ সাধাৰণ ৰাইজক ফাউণ্ডেশ্যনে অসমীয়াৰ ভাষা-সংস্কৃতি ঐক্য আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি স্বৰূপ বিধায়কখনৰ ওপৰত সজাগ কৰাৰ পাছতো যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰে তেন্তে বিধায়ক খনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত ফাউণ্ডেশ্যনে অচিৰেই গোচৰ তৰাৰও সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আজিৰ সংবাদ মেলত হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচনৰ সভাপতি প্ৰতিমা বৰুৱাই ঘোষণা কৰে।