নলবাৰী, সংবাদ ৩৬৫, ১৫ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি মঙলবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই। বিধেয়ক খনৰ বিৰৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠন আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদল নলবাৰী চহৰৰ মাজেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যলয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন শ্ল’গানেৰে নলবাৰী চহৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।