ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী: সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদ চলি থকাৰ মাজতে ডিগবৈত আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ বাতিলৰ দাবীত সোমবাৰে পুৱাৰে পৰা ১০ ঘন্টীয়া অনশন পালন কৰে। সোমবাৰে ডিগবৈ শ্বহীদ বেদীৰ প্ৰাংগণত ডিগবৈ আঞ্চলিক ছাত্র সন্থাৰ লগতে, মৰাণ ছাত্র সন্থা, সোণোৱাল ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কেবাইটাও ছাত্র সংগঠনে এই ১০ ঘন্টীয়া অনশন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।