সৰুপথাৰ, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সৰুপথাৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ ৷ সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ণ কৰে ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৷ প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা সমদল কৰি আহি সৰুপথাৰ নগৰৰ মাজমজিয়াত গান্ধী মূৰ্ত্তিৰ সমীপত পথ অৱৰোধ কৰে ৷ পথ অৱৰোধৰ সময়ত পথৰ দুয়ো পাৰে ব্যাপক যান যতৰ সৃষ্টি হয় ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুদী গ’ বেক, সৰ্ব্বানন্দ সোণোৱাল মূৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ধ্বনীৰে সৰুপথাৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷