গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : শেহতীয়াকৈ সংবাদ মাধ্যমৰ চাৰি গৰাকীকৈ প্ৰভাৱশালী ব্যক্তিক কেন্দ্ৰীয় চৰকাৰে দেশদ্ৰোহৰ অপৰাধত জড়িত কৰাব পৰা যায় নিকি সেই বিষয়ে অনুসন্ধান চলাব দিয়া নিৰ্দেশৰ ওপৰত এখন সংবাদমেলৰ আয়োজন কৰে মঞ্চই। সংবাদ মাধ্যমৰ আগত মঞ্চই কয় ” দেশৰ গণতান্ত্ৰিক নাগৰিকত্ব আইন সংশোধনী বিধেয়ক জনমত উপেক্ষা কৰি চলা বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰৰ অন্যতম নিদৰ্শন। শেষ মুহূৰ্তত ৰাজ্যসভাত সেইখন গৃহীত কৰিব নোৱাৰাত এইবাৰ বিজেপিৰ ইস্তাহাৰত সেই সংশোধন কৰিবই বুলি ঘোষণা কৰিছে। সেয়ে আমাৰ মঞ্চখন প্ৰাসংগিক হৈ পৰা নাই আৰু এই সংকল্পৰ দৃঢ় বিৰোধীতাৰ উপৰি পূৰ্বৰ পৰা বিজেপি দল আৰু চৰকাৰৰ বিভিন্ন স্বৈৰতন্ত্ৰী পদক্ষেপৰ বিৰুদ্ধে জনমত গঠন কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ।”

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰৰ পৰা অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু আৰক্ষীৰ প্ৰধান সঞ্চালকালৈ অসমৰ সংবাদ মাধ্যমৰ চাৰি গৰাকী প্ৰভাৱশালী গণতন্ত্ৰবাদী সাংবাদিকক দেশদ্ৰোহৰ অপৰাধত জড়িত কৰাব পৰা যায় নিকি সেই বিষয়ে অনুসন্ধান চলাব দিয়া নিৰ্দেশটোৱে দেশৰ গণতান্ত্ৰিক ব্যক্তি আৰু অনুষ্ঠান,প্ৰতিষ্ঠানৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ জন্ম হৈছে।

উক্ত নিৰ্দেশত কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনে সমগ্ৰ অসম তোলপাৰ লগোৱাৰ সময়ত এই সংবাদসেৱীসকলে তেওঁলোকৰ মাধ্যমসমূহত অসমৰ স্বাধীনতা দাবী কৰা উগ্ৰপন্থী সংগঠনৰ কার্যকলাপৰ প্ৰচাৰ কৰি দেশ দ্ৰোহৰ অপৰাধত লিপ্ত হৈছে নিকি অনুসন্ধান চলাব লাগে। তেওঁলোকে উগ্ৰপন্থী সংগঠনৰ লগত যোগাযোগ ৰখাৰ কথাও নিৰ্দেশত উল্লেখ কৰা হৈছে। প্ৰথম প্ৰকাশিত ৰূপত এন এছ এ, ইউ এ পি এ আদি অতি কঠোৰ আইনৰ অধীনত অভিযুক্ত কৰাৰ ইংগিত দিয়া হৈছিল।

আচলতে বিজেপি চৰকাৰে প্ৰচলিত আইন বিকৃত কৰি অপব্যৱহাৰ কৰি তাৰ বিৰুদ্ধে হোৱা সমালোচনা,প্ৰতিবাদৰ কণ্ঠৰোধ কৰিবলৈ ব্যাকুল হৈ পৰিছে। তেওঁলোকৰ স্বৈৰাচাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আৰু ক্ৰোধৰ ঢৌত চৰকাৰখন উটি যাব বুলি শংকিত হৈ কঠোৰ দমন নীতি প্ৰয়োগ কৰিবলৈ অগ্ৰসৰ হৈছে।

সেয়ে বিজেপি দল আৰু চৰকাৰ ৰাইজৰ পক্ষত নে বিপক্ষত বুজি লৈ ৰাইজক নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই।